পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
কৰ্ণবধ


হেনয় শকটী ধৰি ৰাজা দুৰ্য্যোধন।
ভীমক চাহিয়া হাসি বুলিলা বচন॥ ১৯৬
শক্তিক প্ৰহাৰো হেৰা দেখা ভীমসেন।
দেখিয়া ভয়াৰ্ত্ত হৈয়া নপলাও যেন॥
হেৰা শক্তি যাই ভীম মোহোৰ হাতৰ।
ই বেলাত মনে তই স্মৰ গদাধৰ॥১৯৭
এহি বুলি প্ৰহাৰি পথাইলা দুৰ্য্য়োধনে।
মুৰ্ত্তিমন্ত অগ্নি যেন উঠিলা গগণে॥
বজ্ৰদন্ত ভল্ল, পাঞ্চালিক কনিয়াল।
অৰ্দ্ধচন্দ্ৰ, তৃকষ্টিকা পৰশু, তীখাল॥ ১৯৮
আনো নানা অপচয় যতেক আছিলা।
শক্তিক লাগিয়া ভীমে প্ৰহাৰ কৰিলা॥
শকটিত লাগি সবে যাই দশো দিশে।
হেন দেখি দুৰ্য্যোধনে হাসয় হৰিষে॥ ১৯৯
পাণ্ডবৰ অস্ত্ৰ সব বিফল ভৈলেক।
ৰথ সমম্বিতে শালি থৈলেক ভীমক॥
যেন গৌৰিসুতে কৌঞ্চ শালি পৰ্ব্বতক।
ৰাৱণে যিমতে শালি থৈলে লক্ষ্মণক॥ ২০০
অনন্তৰে শকতি পৰিলা হৃদয়ত।
ৰাজায়ে ভীমক শালি থৈলা সেহিমত॥
ভৈলা বৃকোদৰ যেন মৃতক পৰাই।
বিশোক সাৰথি ৰথ নিলে পলুয়াই॥ ১০১