পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
কৰ্ণবধ।

তেবে জানা অৰ্জ্জুনৰ হৱে পৰাজয়।
তোমাৰ আগত দদা কহিলো নিশ্চয়॥
এহি ধনঞ্জয় বীৰ মহা ধনুৰ্দ্ধৰ।
আৰু মই সহায় আছোহোঁ অৰ্জ্জুনৰ॥৭৯
তথাপিতো সঙ্কা আছে তোমাৰ মনত।
দেখা আজি কেন হোৱে দ্বৈৰথ যুদ্ধত॥
বধিব কৰ্ণক ধনঞ্জয়ে ঘোৰ ৰণে।
ৰথে বসি যুদ্ধ চাহি থাকা ৰঙ্গ মনে॥ ৮০
ৰাজাৰ বচন আৰু বাক্য মাধৱৰ।
তাক শুনি আছিলা অৰ্জ্জুন ধনুৰ্দ্ধৰ॥
ঘৃত পায়া যেন জ্বলিলেক হুতাশন।
নৃপতিক চায় পাছে বুলিলা বচন॥ ৮১
গুৰু গোপালৰ পদ ধৰি এক মনে।
বোলা ৰাম ৰাম ভণে বিদ্যা পঞ্চাননে॥



যুধিষ্ঠীৰক অৰ্জ্জুনে অভয় দিয়ে।


লেছাৰী।


শুনা ৰাজা যুধিষ্ঠীৰ,  মনে নকৰিবা ভয়,
 তিনিও লোকত মই বীৰ ধনঞ্জয়।
মোক ৰণে জিনিবাক, নতু দেখো হেন বীৰ,
 ধনুধৰি মোৰ সংগে কোন হৈবে স্থিৰ॥ ৮২