পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
কৰ্ণপৰ্ব্ব।


লক্ষেক ৰজাক জিনি, ৰঙ্গে কৃষ্ণাক লভিলো,
 সৰ্প ৰজা বাসুকীৰ ভগ্নিক হৰিলো।
ইন্দ্ৰৰ খাণ্ডৱ বন, দহিলোহো ৰঙ্গ মন,
 ত্ৰিদশ দেৱক জিনিলোহো ঘোৰ ৰণে॥
অস্ত্ৰ শিকি বাক গৈলো,  যথা আছে গিৰীশ্বৰ,
 বাহু যুদ্ধে তুষিলোহোঁ ইষ্ট দেৱ হৰ।
স্বৰ্গে যাই বাসৱৰ,  অৰ্দ্ধাসনে বসিলোহোঁ,
 নিবাত কৱচ ঘোৰ সমৰে বধিলোঁ॥ ৮৩
দেৱ দত্ত শঙ্খ গোট, আৰু কিৰীটি মাথাৰ,
 দিলা দেৱৰাজে মোক কৰি সমাদৰ।
উত্তৰা, সহিতে মই,  এক ৰথে চলি যাই,
 কৌৰৱক জিনি পালটিলো বাহু ৰাই॥
ভীষ্ম, দ্ৰোণ, দ্ৰোণি, কৰ্ণ,  কৃপ, শাল্ব, কৃতবৰ্ম্মা,
 বিন্দু, অনুবিন্দ, দুই নৃপতি সুশৰ্ম্মা।
মাধৱৰ পাদ পদ্ম, ধৰি মই হৃদয়ত,
 সবাকো জিনিলো মই ঘোৰ সমৰত॥ ৮৪
কৌৰৱ দলত গই, প্ৰবেশিবোঁ হুতাশন,
 দ্বৈৰথ যুদ্ধৰ ৰঙ্গ দেখোক সৰ্ব্বজন।
গুৰু গোপালৰ পাদ ,পদ্ম ধৰি মনে,
 বোলা ৰাম ৰাম ভণে বিদ্যা পঞ্চাননে।