পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণপৰ্ব্ব।


এতেকে কিমতে তাৰ হৈবে পৰাজয়।
সদায় নুগুছে মোৰ মনৰ শংসয়॥
তুমি বিনে আমাৰ নাহিকে আন গতি।
নানা আপদত ৰাখি আছা যদুপতি॥ ৭৪
আজিৰ শঙ্কট মিলি আছে গুৰুতৰ।
তুমি যদি জয় প্ৰভো সাধা অৰ্জ্জুনৰ॥
তেবেজানোঁ যুদ্ধে জিনিবেক ৰাধেয়ক।
তযু চৰণত সমৰ্পিলো অৰ্জ্জুনক॥ ৭৫
তোমাৰেসে দাস প্ৰভো ভৈল চূড়ামণি।
জয় পৰাজয় কাৰ চাওঁ মনে গুনি॥
নৰসিংহে যিমতে ৰাখিলা প্ৰহ্লাদক।
সেহিমতে তুমিয়ো ৰাখিবা অৰ্জ্জুনক॥ ৭৬
আনো নানা বাক্য ৰাজা বুলিলা বিস্তৰ।
একমনে শুনি আছিলন্ত দামোদৰ॥
মাধৱে বোলন্ত শুনিয়োক নৰেশ্বৰ।
কৈত শুনি আছা পৰাজয় অৰ্জ্জুনৰ॥ ৭৭
কৈসানি শুনিছা সাতো সাগৰ শুখাই।
মেৰু যে মন্দৰ কিম্বা পাতালক যাই॥
যদি বেগ শান্ত হৱে ১ বৈনতাপুত্ৰৰ।
অগনি শীতল, তেজ গুছে আদিত্যৰ॥ ৭৮


বেশ্যাৰ লৰা।