পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণবধ।


যেন যুদ্ধ ভৈল পূৰ্ব্বে বলি বাসৱৰ।
সেহি মতে যুদ্ধ অজি কৰ্ণ, অৰ্জ্জুনৰ॥ ৬৮
তাক শুমৰন্তে মোৰ স্থিৰ নোহে চিত্ত।
প্ৰতিজ্ঞা কৰিয়া কৰ্ণে আছয় পূৰ্ব্বত॥
অৰ্জ্জুনক বধিবোহোঁ দ্বৈৰথ যুদ্ধত।
হেন অঙ্গীকাৰ কৰ্ণে কৰিছে পূৰ্ব্বত॥ ৬৯
সেহি অঙ্গীকাৰ আজি পুৰিবেক ৰণে।
সিকাৰণে শঙ্কা মোৰ নুগুচয় মনে॥
কৰ্ণ জীৱ মানে মোৰ নাহিকে জয়তী।
জীৱনত নাই আশা কহিলো সম্প্ৰতি॥ ৭০
কৰ্ণ নিপাতিলে ৰাজ্য অবিকলে পাই।
চিন্তিয়োঁ মাধৱ কৰ্ণ বধৰ উপাই॥
যেহি মত শৈল্য তাক জানা দামোদৰ।
ৰথৰ যতেক গতি জানে মদ্ৰেশ্বৰ॥ ৭১
সুপৰ্ণ ৰাজাত শিখি আছয় সকল।
এতেকে জানিবা শৈল্য ৰথত কুশল॥
কদাচিতো নছাৰিবো আপোনাৰ ৰক্ষা।
সদায় কৰ্ণক ৰণে কৰিৰেক ৰক্ষা॥ ৭২
যতেক সাৰথি মানে আছয় ৰথৰ।
জানিবা শৈল্যৰ কেহো নাহি সমশৰ॥
হেন শৈল্যৰাজা ভৈলা যাহাৰ সাৰথি।
মহাবলৱন্ত কৰ্ণ যাৰ ভৈলা ৰথি॥৭৩