পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
কৰ্ণবধ।

আৰক্ত নয়ন কৰ্ণ কোপে কম্পমান।
বাচিয়া লৈলন্ত তেবে, কাল-ধনুখান॥
কতোৰথ ৰাখে শৈল্য ভূমিৰ ওপৰ।
ওপৰক নেই কতো লাগি আকাশৰ॥ ৫৯২
বৰই চতুৰ শৈল্য সাৰথি সুজান।
কৰ্ণৰ ৰথক ৰাখে কৰিয়া যতন॥
যেনমতে কৃষ্ণে ৰথ ডাকে অৰ্জ্জুনৰ।
কৰ্ণৰথ তেন মতে ডাকে মদ্ৰেশ্বৰ॥ ৫৯৩
দুয়ো দুইহান্তক বলে যুজিবাক মনে।
শৰচয় মাৰন্ত কাটন্ত ঘনে ঘনে॥
কৰ্ণ অৰ্জ্জুনৰ যুদ্ধ দুইহান্তৰ ঘোৰ ৰণ।
আকাশ ঢাকিয়া যুদ্ধ চাহে দেৱগণ॥ ৫৯৪
যুদ্ধএৰি কৌৰবি পাণ্ডব বীৰগণে।
কৰ্ণ অৰ্জ্জুনৰ যুদ্ধ চাহন্তে সঘনে॥
মহা মহা অস্ত্ৰ যত কৰ্ণৰ আছিল।
গুৰু শাপে সে সবক সব পাসৰিল॥ ৫৯৫
অগনি বাণক প্ৰাৰ্থ প্ৰহাৰ কৰয়।
ভূল হুয়া কৰ্ণ তাতে বায়ুবাণ দেয়॥
সমবত শৰ সব কৰ্ণে পাসৰন্ত।
নিবাৰিতে নপাৰিয়া কামোৰয় দান্ত॥ ৫৯৬
কৰ্ণৰ যে ৰথ চক্ৰ পৃথিবী গ্ৰাসিল।
ব্ৰহ্ম শাপ আসি ৰাধাসুতে ধৰশিল॥