পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
কৰ্ণপৰ্ব্ব


দুইৰো কলেবৰে বৰ্ম্ম বহে অবিশ্ৰাম।
দুইকো দুয়ো হানে শৰ নাহিকে বিশ্ৰাম॥ ৫৮৬
ষাঠি গোটা ভল্ল মাৰিলন্ত অৰ্জ্জুনক।
চাৰিশৰ মাৰে কৰ্ণ চাৰি ঘোটকক॥
বানৰক প্ৰহাৰিলা আৰু দুই শৰ।
শৰপায়া বানৰেও কৰন্ত চিৎকাৰ॥ ৫৮৭
শৰে অন্ধকাৰ কৈল নাহি চলে দৃষ্টি।
শ্ৰাৱণ মাসত যেন মেঘে কৰে বৃষ্টি॥
এই ৰূপে দুই বীৰে ঘোৰ যুদ্ধ কৰে।
ভূমিকম্প যান্তে যেন মহীখণ্ড লৰে॥ ৫৮৮
আকাশ পৃথিবী সবে ভৈল একাকাৰ।
নবহে পৱন ভৈল দিনতে আন্ধাৰ॥
পাছে ধনঞ্জয় প্ৰহাৰিল বায়ুবাণ।
উৰুয়াই দিলা বাণ যোজন প্ৰমান॥ ৫৮৯
আনোকুৰু পাণ্ডৱৰ বীৰগণ যত।
ভৈলেক বিস্ময় দেখি ৰণ অদভুত॥
তাত পাছে কোপ কৰি বীৰ ধনঞ্জয়।
ধনুত যুৰিলা আনি দিব্য শৰচয়॥ ৫৯০
কৰ্ণৰ ওপৰে কৰে বাণ বৰিষণ।
পাছু হুয়া ৰৈলা কৰ্ণ কতোক্ষণ মান॥
পুনৰপি কোপে কৰ্ণ আগবাঢ়ি গৈল।
মহাছোটে অৰ্জ্জুনক গৰ্জ্জিবাক লৈল॥ ৫৯১