পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
কৰ্ণপৰ্ব্ব।


ক্ৰন্দন কৰিয়া কৰ্ণ বোলে অৰ্জ্জুনক।
ৰথ চক্ৰ উদ্ধাৰিবো ক্ষমা কৰা মোক॥ ৫৯৭
জানিলোহো বিধিমোেৰে বক্ৰ কৈলধৰা।
অবা(১)পাৰ্থ ধনুৰ্দ্ধৰ অল্প ক্ষান্ত কৰা॥
যেইজন থাকে বনে মুক্ত কেশহৈয়া।
মাগয়ে শৰণ যদি বিকল হইয়া॥ ৫৯৮
তুমি ধৰ্ম্মবন্ত বীৰ পণ্ডিত সুজান।
সন্নাহ ৰহিতে মাৰে কাপোৰুষ জন॥
ৰথৰ ওপৰে আছা তুমি বীৰবৰ।
মোৰে ক্ষমাকৰা পাৰ্থ আছোঁ ভূমি পৰ॥ ৫৯৯
কৃষ্ণক নকৰো মন নাহি কিছুভয়।
জানা বীৰ ধনুৰ্দ্ধৰ তোমাতে সংশয়॥
আজি জানো বিধিমোৰে বিপাকে ঠেকিলা।
এহি বুলি কান্দে বীৰ চক্ষুনিৰ বৈলা॥ ৫০০
কৰ্ণৰ যতেক কথা হৃদয়ত গনি।
ক্ৰোধ ভৰে বুলিবে লাগিল চক্ৰপানি॥
এক বস্ত্ৰা ৰজস্বলা দ্ৰূপদ নন্দিনী।
সভা মাজে কোন কৰ্ম্ম কৈলা ধৰ্ম্মজানি॥ ৬০১
শকুনি, সৌবল, দুৰ্য্য়োধন নৰাধমে।
কপট কৰিয়া পাশা জিতিলেক ধৰ্ম্মে॥


১। হেৰা।

১১