পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
কৰ্ণপৰ্ব্ব


কোন মতে হৈব মোৰ শত্ৰুৰ নিধন।
কি কাম কৰিবা তেবে তুমি নাৰায়ণ॥ ৫৫৪
হামিয়া বোলন্ত পাছে জগতঈশ্বৰ।
নকৰিবা ভয় তুমি শুনা ধনুদ্ধৰ॥
পূবৰ সূৰ্য্য যদি হয় পশ্চিমে উদয়।
জিনিতে নোয়াৰে কেয়ে কহিলো নিশ্চয়॥ ৫৫৫
অহঙ্কাৰ কৰি বোলে পাৰ্থ ধনুৰ্দ্ধৰ।
নিশ্চয় কুৰিবোঁ মই কৰ্ণক সংহাৰ॥
কৰ্ণৰ সন্মুখে গৈলা অৰ্জ্জুন সুধীৰ।
উদয় হৈলেক যেন দুই দিবাকৰ॥ ৫৫৬
কেহ বালে মাৰ মাৰ কেহ বোলে ধৰ।
দুইদলে মহা যুদ্ধ কৰে ঘোৰত্তৰ॥
অৰ্জ্জুন যুড়িলা আনি দশ গোটা বাণ।
কৰ্ণৰ হৃদয়ে বীৰ কৰিলা সন্ধান॥ ৫৫৭
কৰ্ণেও মাৰিলা তাঙ্ক পঞ্চদশ শৰ।
দুয়ো মহা ধনুৰ্দ্ধৰ অক্ষয় শৰীৰ॥
শ্ৰাৱণ মাহত যেন মেঘে বৰষিল।
সেইমতে দুই বীৰে শৰক হানিল॥ ৫৫৮
দোহাৰ শৰীৰে ৰক্ত গেৰুধাৰা বহে।
এহেন সময়ে কৃষ্ণ অৰ্জ্জুনক কহে॥
কিবা চোৱা সখি তুমি আতি বিপৰীত।
কৰ্ণবীৰ বৈৰী তুমি বধিয়ো তুৰিত॥ ৫৫৯