পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
কৰ্ণবধ।


তাক শুনি কোপে বাষ্পে পাৰ্থ ধনুৰ্দ্ধৰ।
সহস্ৰ এৰিল বাণ কৰ্ণৰ ওপৰ॥
সব বাণ কাটিলেক ৰাধেয়ৰ সুত।
পুনু পাৰ্থ শৰ মাৰে কৰি মন্ত্ৰ পুত॥ ৫৬০
সহিবে নোয়াৰি কুৰু ভঙ্গ দিলা ৰণে।
কৰ্ণবীৰ একেশ্বৰ বহে কোপ মনে॥
বাণে নিবাহিয়া বাণ কৰ্ণ মহাবল।
লগাইলেক পাণ্ডবি দলত গণ্ডগোল॥ ৫৬১
বাৰিষাৰ মেঘে যেন জল বৰিষয়।
তেনমতে শৰমাৰে ৰাধাৰ তনয়॥
আছিলেক পাতাল হইতে এক সৰ্প।
কহিবে লাগিলা কৰ্ণে কৰি মহাদৰ্প॥ ৫৬২
মাতৃমোৰ বধকৈল পাৰ্থ দুৰাচাৰ।
মাতৃ ঋণ শোধো আজি পেষো যমঘৰ॥
কৰ্নক বিনয় কৰি বোলে বাৰবাৰ।
আজ্ঞা কৰা বীৰকৰো অৰ্জ্জুন সংহাৰ॥ ৫৬৩
মহাভাৰতৰ পদ পৰম অমৃত।
শ্ৰৱণ মাত্ৰকে পাপ হৰয় তুষিত॥
শুনা সভাসদ কৰ্ণ পৰ্ব্ব কথা সাৰ।
শুদ্ধচিত্ত হৌক ৰাম বোলা বাৰেবাৰ॥ ৫৬৪