পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
কৰ্ণবধ।


মাধৱ বদতি শুনিয়োক প্ৰাণ সখি।
পুত্ৰশোকে আসে কৰ্ণ খানিকো নাপেক্ষি॥
দেবাসুৰ জয় যিটো কৰ্ণ মহাবৰী।
সাবধানে যুদ্ধ কৰা নহয়া অস্থিৰ॥ ৫৪৯
যুদ্ধ কৰি আজি তুমি বধিয়ো কৰ্ণক।
তোমাৰ সমান বীৰ নাহি তিনি লোক॥
তবল, মঙ্গল তুৰী, ভেদি বীৰ ডাক।
শঙ্খ শিঙ্গা মৃদঙ্গ মন্দিৰা ঢোল ঢাক॥ ৫৫০
ইত্যাদি বাজনা বাজে কৰ্ণক বেঢ়িয়া।
জয় জয় শব্দ কৰে কৌৰবে মাতিয়া॥
অৰ্জ্জুনক বেঢ়িয়া বাজই নানা বাদ্য॥
পাণ্ডৱ দলত কৰে জয় জয় শব্দ॥ ৫৫১
ৰাধেয় বদতি শুনা মদ্ৰক ঈশ্বৰ।
আমি যদি পাড়ি ৰণে কি কৰবা বীৰ॥
হাসিয়া বোলন্ত শৈল্যে শুনা ধনুৰ্দ্ধৰ।
নিশ্চয় কৰিবো ৰণ আমি একেশ্বৰ॥ ৫৫২
যদি তুমি পৰা ৰণে শুনা বীৰবৰ।
নামাৰিয়া পাণ্ডৱক নযাইবোহো ঘৰ॥
গোবিন্দক শোধন্ত যে বীৰ ধনঞ্জয়।
কৰ্ণে যদি আমাৰে কৰয় পৰাজয়॥ ৫৫৩
কি কৰিবা প্ৰভু তুমি কহা নিস্ত কৰি।
মোহোৰ বিহনে যাইব কোনে ধনুধৰি॥