পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
কৰ্ণবধ।


দুইশৰ ধ্বজক ঘোৰাক চাৰি বাণ।
ভীমক লাগিয়া চাৰি কৰিলা সন্ধান॥ ৫১৭
পুনৰপি দুইৰ যুদ্ধ ভৈলা ভয়ঙ্কৰ।
দুইৰো শৰ ঘাৱে বহে তেজ শৰীৰৰ॥
পৰ্ব্বতৰ পৰা যেন বহে গেলধাৰ।
বসন্ত কালত যেন ফুলিল মন্দাৰ॥ ৫১৮
সেহিমতে প্ৰকাশয় দুয়ো মহাবীৰ।
কৱচ নাহিকে গাত উদঙ্গ শৰীৰ॥
দুয়ো বীৰে শৰ প্ৰহাৰয় বৰ খঙ্গে।
মহাকোপে যুজেঁ যেন যুগল মাতঙ্গে॥ ৫১৯
ৰাজাৰ সোদৰ প্ৰায় শৰত অধিক।
কিন্তু বীৰ বৃকোদৰ বলত অধিক॥
হানিবে লাগিলা শৰ ভীমৰ গাৱত।
যেন বৰ্ষাকালে মেঘে বৰ্ষে পৰ্ব্বতত॥ ৫২০
লঘুহস্ত দৃঢ় মুঠি দেখি আতিশয়।
যাহাক প্ৰশংসা কৰে কৃষ্ণ, ধনঞ্জয়॥
আনো কুৰু, পাণ্ডৱৰ বীৰগণ যত।
প্ৰশংসিয়া আছে দ্ৰোণে শিক্ষা সময়ত॥ ৫২১
দুঃশাসন বীৰে পাছে অতিশয় কোপে।
সাত সাত শৰ প্ৰহাৰয় একে জোপে॥
আৰ বাণে ভীমক টাৰিতে নাহি সন্ধি।
শল্লকী(১)পশুৰ সম হৈ আছে নিঃসন্ধি॥৫২২


১। কেটেলা পহু।