পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
কৰ্ণপৰ্ব্ব।


আনি ধনু ধৰিলেক বীৰ দুঃশাসন।
গুণ গাছ লগাই টানিলেক ঘনে ঘন॥
আথাকে হানয় শৰ ভীমৰ গাৱত।
যেন মহা মেঘে বৃষ্টিকৰে পৰ্ব্বতত॥ ৫১২
দুইকো দুই প্ৰহাৰ কৰয় ছিদ্ৰ চাই।
দুই বীৰে কতো কোপ মনে আছে চাই॥
তাত পাছে দুঃশাসনে যুৰি এক শৰ।
কাটিলা কুণ্ডল এক ভীমৰ কৰ্ণৰ॥ ৫১৩
ভীমে এক শৰহানি কিৰিটী কাটিলা।
শৰীৰত শিলি মুখ শৰ প্ৰহাৰিলা॥
কৱচ কাটিলা প্ৰহাৰিয়া কুৰিবাণ।
পুনৰ্ব্বাৰ কাটিলা কুৰুৰ শৰাসন॥ ৫১৪
চাৰিগোটা ঘোৰাক টাৰিলা চাৰিবাণে।
সাৰথিক মুৰ্চ্চিত কৰিলা তিনিবাণে॥
ধ্বজক লাগিয়া প্ৰহাৰিলা দুইবাণ।
হেন দেখি কোপে জ্বলিলেক দুঃশাসন॥ ৫১৫
ধনুখান বাম হাতে ধৰি তাৱক্ষণ।
টুঙ্কাৰিয়া গুণ গাছ কৰিলা মাৰ্জ্জন॥
ভীমক লাগিয়া প্ৰহাৰিবে লৈলাবাণ।
আথাকে হানন্ত বাণ বীৰ দুঃশাসন॥ ৫১৬
কাটিলা কৱচ খান ভীমৰ গাৱৰ।
তিনি বাণে হৃদয় ভেদিলা বিশোকৰ।