পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণপৰ্ব্ব

বিশোকক মুৰ্চ্ছা কৰিলেক দশ শৰে।
পৰিলা লেকাম এৰি ৰথৰ ওপৰে॥
যদি ভীমে ধনুখানে চাৱে ধৰিবাক।
তাকে লাগি দুঃশাসনে কৰে শৰ জাক॥ ৫২৩
ভীমে বোলে শৰশ্ৰমে নহো সমতাৰ।
গদাধিৰি আক মই কৰো চাৰখাৰ॥
যদি গদা ধৰি যাঁও দেখিবেক লোকে।
নিন্দাকৰি সমস্তে হাসিবে আজি মোকে॥ ৫২৪
কোন বস্তু দুঃশাসন তাক লাগি গদা।
এহিবুলি সৰ্ব্বলোকে নিন্দিবে সৰ্ব্বদা॥
তথাপি কৰিবো তাক নিন্দা পৰিহৰি।
বধিবোহো দুঃশাসন গদাঘাত কৰি॥ ৫২৫
এহিবুলি গদালৈয়া নামিলা ৰথৰ।
তল মুণ্ডকৰি ভীমে দিলেক লৱৰ॥
ভীমে খেদি আসে চাহি আছে দুঃশাসনে।
কিঞ্চিতেকো ভয় তাৰ নভৈলেক মনে॥ ৫২৬
অসংখ্যাত ভীমক কৰন্ত শৰ জাক।
মহাবেগে চলে ভীমে নগণিয়া তাক॥
মহাবৃষ্টি, বাত যেন বৃষভে, সহিয়া।
গোষ্ঠক লাগিয়া যেন যাই লৱৰিয়া॥ ৫২৭
সেহিমতে শৰচয় সহি বৃকোদৰ।
অনন্তৰে পাইলা যাই বধৰ ওচৰ॥