পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
কৰ্ণবধ।


যুদ্ধত ফুৰয় যেন মত্ত সিংহ গোট।
কাৰ বাপে সহিবে ভীমৰ গদা ছোট॥ ৪৯৫
এহিমতে গলাবাৰ কৰে সৰ্ব্বজনে।
তাত পাছে ভীম মাতিলা দুঃশাসনে॥
শুন হেৰ ভীমসেন অধৰ্ম্ম আচাৰ।
যত দুঃখ দিলি তই মমাক আমাৰ॥ ৪৯৬
তাৰ প্ৰতিকাৰ কৰো ঘোৰ সমৰত।
তোক বলৱন্ত বুলি নকৰো মনত॥
হেন ভীম শতেকতে মোৰ ত্ৰাস নাই।
কেন কৰো তোক খনিতেক থাক চাই॥ ৪৯৭
আছিলি আমাৰ দাস জানে সৰ্ব্বজনে।
বন্ত্ৰ অলঙ্কাৰ কাঢ়ি পঠাইলোহো বনে॥
দ্ৰৌপদীক দাসী কৰি অনিলো গৃহক।
কাঁও বাঁও কৰি তাই গৈলেক বনক॥ ৪৯৮
তিৰী গোটা লগে লৈয়া কৌৰবক ডৰে।
চদ্মবেশে ফুৰিলিহি যাৰ তাৰ ঘৰে॥
পেতৰ ভোকত যাৰ তাৰ ভাত খাস।
জাতী কুল এৰি তই ভৈলি সৰ্ব্বনাশ॥ ৪৯৯
একে দ্ৰৌপদীৰ পাসে যাহ পাঞ্চ ভাই।
কৃষ্ণাক কৰিলি যেন পালশৰা গাই॥
তোমাসাৰ দোষে লোকে নিন্দয় আমাক।
নিলাজ পাণ্ডৱে নমানয় লাজ তাক॥ ৫০০