পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
কৰ্ণপৰ্ব্ব।


ভীমক শুনায়া নিন্দা কৰে দুঃশাসন।
গুনি বৃকোদৰ ভৈলা কোপে কম্পমান॥
ভীমে বোলে তোৰ বাক্যে নাই মোৰ খঙ্গ।
তোহোৰ বচনে মোৰ মিলে বৰ ৰঙ্গ॥৫০১
হাতে খাণ্ডা ধৰি দণ্ডিবাক পাৰো যাক।
কোন জনে ধৰি আছে তাহাৰ নিন্দাক॥
নৃপতিক গালি পাৰে প্ৰাণৰ ভয়ত।
তাক কি ধৰয় জানা সজ্জনে মনত॥ ৫০২
মৰণ সময়ে যেন মতি হৱে চন্ন।
তোহোৰ জানিলো দুষ্ট ভৈল সেহি চিহ্ন॥
তোক নিন্দা কৰি মই কোন যশ পাইবো।
তোৰ লগে মই যমপুৰক নজাইবো॥ ৫০৩
কাটিবাৰ কালে মেষে আটাস পাৰয়।
তাক কি এৰয় লোকে ধৰি নাকাটয়॥
আৰু কিছু বোল তোৰ মনে যত আছে।
এহি কথা সব মই সুমৰাইবো পাছে॥ ৫০৪
এহি বুলি ভীমে ধৰিলেক ধনু খান।
আৰক্ত নয়ন ভীম কোপে কম্পমান॥
জ্বলিল অগনি যেন দক্ষৰ যজ্ঞত।
সেহিমতে কোপভৈলা ভীমৰ মনত॥ ৫০৫
তুন হন্তে তিনিশৰ বৃকোদৰে আনি।
হানিলা হৃদয়ে তাৰ ধনু খান টাণি॥