পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
কৰ্ণপৰ্ব্ব।

শকুনিৰ বিপত্তি দেখিয়া দুঃশাসনে।
ভীমক খেদিয়া গৈলা আতি কোপমনে॥
দিব্য ৰথে চৰি ৰাজা তোমাৰ নন্দন।
ধনু ধান টঙ্কাৰ কৰিলা ঘনে ঘন॥ ৪৯০
নিঃণঙ্ক শৰীৰ কাকো নকৰয় ভয়।
পাছত চলিলা হয়, হস্তী, সেনাচয়॥
ভীমৰ সন্মুখে নিয়া ৰথক ৰাখিলা।
মাতঙ্গক দেখি যেন মাতঙ্গ ৰহিলা॥ ৪৯১
দুঃশাসন বীৰক দেখিয়া বৃকোদৰ।
মনে বোলে সুপ্ৰসন্ন ভৈলা সৃষ্টিকৰ॥
শত্ৰুক দেখিয়া আগে বোলে বিশোকক।
শীঘ্ৰে ৰথ ডাক তাক নিয়ো যমলোক॥ ৪৯২
ভীমৰ বচন শুনি সাৰথি সুজান।
পূৰ্ব্ব মুখ কৰিয়া ৰাখিলা ৰথখান॥
ৰাখিলেক ৰথক কুৰুৰ আগকৰি।
হস্তী ধৰিবাৰ মনে বহিল কেশৰী॥ ৪৯৩
সেহিমতে বহিলেক বীৰ বৃকোদৰ।
দেখিয়া পৰম ত্ৰাস ভৈল কৌৰবৰ॥
কেহো বোলে ভীমে সমস্তকে বিনাশিব।
কেহো বোলে দু:শাসন ফিৰিয়া নাসিব॥ ৪৯৪
যেহি যেহি বীৰে অৰ্জ্জুনক খেদি যাই।
তাক তাক ভীমে আগ ভেন্টে চেগচাই॥