পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
কৰ্ণপৰ্ব্ব।

পদ।

দুঃশাসনৰ ৰক্তপান॥

যেবে শকুনিক ভীমে ধৰিয়া আছয়।
দুৰে থাকি যুধিষ্ঠীৰে মনে আলোচয়॥
একঠাই ভৈল দেখো পাণ্ডুবীৰগণ।
সবাৰো আনন্দ শুনো নকৰয় ৰণ॥ ৪৬৯
যুদ্ধ এৰি সবে দেখো হাসে উচ্চকৰি।
ডাক ৰথ সাৰথি পৱন বেগধৰি॥
ৰজাৰ বচনে ৰথ সাৰথি ডাকিলা।
যথা বীৰগণ আছে তৈক লাগি নিলা। ৪৭০
বীৰগণে দেখিলেক আসিল নৃপতি।
নমস্কাৰ কৰিয়া ৰহিলা চতুভিতি॥
শকুনিক দেখি পূছিলেক নৰেশ্বৰ।
কাক হেন অৱস্থা কৰিলা বৃকোদৰ॥ ৪৭১
ইটো কোন জন ভীম কিবা তাৰ নাম।
কোথায় আছিল ইটো কৈত আৰ গ্ৰাম॥
ভীমসেনে বোলে শুনা নৃপশীৰোমণি।
যাৰ লগে পাশা পূৰ্ব্বে খেলিলা আপুনি॥ ৪৭২
বনবাস দুঃখ পাইলা যাহাৰ কাৰণে।
এহিটো শকুনি মোমা চোৱা ৰঙ্গমনে॥