পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
কৰ্ণবধ।

ৰণে জিনি কৰিআছো এনুয়া অৱস্থা।
তোমাৰ আগত দদা কৈলো সব কথা॥৪৭৩
হেন শুনি যুধিষ্ঠীৰে বুলিলা ভীমক।
কিয় হেন অৱস্থা কৰিলা মাতুলক॥
আমাৰ হৱয় মমা জানে সৰ্ব্বজনে।
ইহাঙ্ক কিসক দুঃখ দিলা অকাৰণে॥৪৭৪
মোহৰ বচনে ভীম বান্ধ মেলিয়োক।
চলোক সেনাৰ মাজে বিদায় দিয়োক॥
বিদায় দিলেক নৃপতিৰ বাক্য শুনি।
চামৰিয়া(১)পশুযেন চলিল শকুনি॥৪৭৫
কতো পৰে কতো উঠে কাম্পে দুই পাৱ।
ভীমৰ ভয়ত আৰ স্থিৰ নহে গাৱ॥
যথাত আছন্ত দুৰ্য্যোধন মহামানি।
তৈকে লাগি ধিৰে ধিৰে গৈলেক শকুনি॥ ৪৭৬
কৰ্ণ, দুৰ্যোধনে দেখিলেক শকুনিক।
মনে বোলে কি মোৰ জীৱন ধিক ধিক॥
কৰ্ণে বোলে শকুনি তুমি ৰাজাৰ মাতুল।
আমা বৰ্ত্তমানে ভীমে মহা দুখ দিল॥৪৭৭
মন্যু পৰিহৰা শোক নকৰা মনত।
সকলো সুজিবো মই ঘোৰ সমৰত॥
তোমাক নিদিলে দুঃখ দিলেক আমাক।
দেখা যুদ্ধে লাগ পাইলে কেনে কৰো তাক॥৪৭৮