এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১ম দৃশ্য]
৫১
কৃৃৃৃৃষ্ণ লীলা
জননী আদ্যা শক্তি জীবাত্মা ৰূপিনী
গোপীগণ, পৰশত পুণ্য কৃষ্ণ তনু
কৃষ্ণময় তনু মন প্ৰাণ হলা সৱে।
অধম পাতকী মই, জন্মে জন্মে যেন
গোপী পদৰেণু পাওঁ জনমি ব্ৰজত।
যাওঁ মই, ৰাতুল চৰণ দুটি ধৰি
আনিম কৃষ্ণক।
[ প্ৰস্থান ]
যশোদা। গোপীগণ আহা সৱে একান্ত মনেৰে
গাওঁ কৃষ্ণ নাম। বহুদিন পুত্ৰভাবে
তুলি তালি আজি পুত্ৰস্নেহ হৈছে
প্ৰবল। সামান্য মানবী হৈ গৰ্ব্ব হ’ল
কৃষ্ণ পুত্ৰ বুলি। সেই দেখি ভুঞ্জো তাপ।
আহা আজি পূৰ্ণব্ৰহ্ম কৃষ্ণ নাম গাই
জনম সাৰ্থক কৰোঁ।
গীত
হে কৃষ্ণ দয়াময় ভকতৰ প্ৰাণধন
দিয়া দেখা এবাৰ আমাক।
নেজানো ভকতি তুতি গোপিনী মুৰুখ মতি
জানো মাথো কেবলে তোমাক।
এৰিলো সংসাৰ মায়া স্বামীপুত্ৰ পৰিজন
সুখ আমি নিবিচাৰো হৰি
নিষ্কাম ভকতি প্ৰীতি দিয়া প্ৰভু দয়াময়
হৃদয়ত লোৱা আহি স্থিতি।