পৃষ্ঠা:কৃষ্ণ লীলা.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
[৫ম অঙ্ক
কৃষ্ণলীলা


কৃষ্ণ। ময়ো দিওঁ গোচৰ হে ৰজা। ডুবালে
 প্ৰেমত মোক ব্ৰজৰ গোপীয়ে। ৰাখিলে
 পৰাণ মোৰ কাঢ়ি ব্ৰজতেই। এতিয়া
 প্ৰাণহীন দেহে মথুৰাত নোৱাৰি
 থাকিব, আহিছে বিচাৰি প্ৰাণ
 যমুনা পাৰৰ মধুৰ জোনালী ময়
 সৈকতত।
২য়া গোঃ। বিচাৰত হাৰিল গোপাল, দণ্ড মই
 বিহিম উচিত। শুনা সৱে সাৱধানে,
 আজি নিশা যমুনা পাৰত হব ৰাস,
 তাৰ পাছে থাকিব গোপাল বন্দী হৈ
 গোপীৰ মাজত।
কৃষ্ণ। ৰাজ আজ্ঞা অৱশ্যে পালিম। আহা তেনে
 গোৱাহঁক নাচাহঁক আনন্দ মনেৰে।

[ কৃষ্ণই বাঁহী বজাই বজাই নাচে, গোপিনীসকলেও নাচে ]

গীত

চন্দ্ৰমা শালিনী মধুৰ যামিনী
 নীলিম যমুনা নীৰ,
যমুনাৰ বালি  জোনাকত ৰূপালি
 মলয়া বইছে ধীৰ;
কবি পৰশে অমৃত বৰষে
 সুশীতল হিয়া তল,
প্ৰিয় বাঁহী সুৰ  বাজিছে মধুৰ
 ৰসে প্ৰাণ টল মল।