১মা গোঃ। এই বাৰ সাৱধানে থাকিবা গোপিনী,
আক্ৰমণ কৰা সবে কেউ ফালে বেৰি,
নিদিওঁ পলাব চোৰ পৰিছে যে ধৰা।
২য়া গোঃ। সাৱধান, অক্ৰূূৰ আহিব ৰথ লৈ কোনোবা
ফালৰ পৰা। পলাব নিৰ্দ্দয়।
প্ৰাণ কাঢ়ি লৈ দুখুনী গোপীৰ।
কৃষ্ণ। সখীহঁত, কি দোষ কৰিছো মই কোৱা।
কেনেকৈ চোৰ হলোঁ বাৰু। অকলশৰীয়া
নিজান বালিত, অতবোৰ গোপিনীয়ে পাই
যদি মোক কৰা আক্ৰমণ তেন্তে মোৰ
কি উপায় আছে বাৰু।
১মা গোঃ। গুচৰীয়া মই, কোনোবা এজনী হোৱা
ৰজা। অপৰাধ এই তস্কৰৰ মই
কৰি দিম প্ৰমাণিত।
২য়া গোঃ। ময়ে ৰজা, কোৱা সখী কি গোচৰ আছে।
১ম গোঃ। এইজন কৃষ্ণধন বৃন্দাবন প্ৰাণ,
গোপিনীৰ অমূল্য ৰতন, প্ৰাণৰো
পৰাণ। এইজনে চুৰ কৰি হিয়া ফালি
জীৱন আমাৰ, পালেগৈ মধুপুৰী।
তাত গৈ নাগৰী সুন্দৰী লৈ থাকিল
সুখেৰে পাহৰি ব্ৰজৰ সৱ। নিদিলে
ফিৰাই চুৰ কৰি নিয়া প্ৰাণ গোপিনীৰ।
গোপীবিলাকে। প্ৰমাণিত হ’ল দোষ। চোৰৰ উত্তৰ
শুনিবলৈ খোজোঁ আমি।
পৃষ্ঠা:কৃষ্ণ লীলা.pdf/১৩৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ষষ্ঠ দৃশ্য]
১২৯
কৃষ্ণ লীলা