পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
কূৰ্ম্মৱলী-যুদ্ধ৷

সেহিবেলা কালভদ্ৰে শীঘ্ৰবেগে যাই।
দুঃশাসন বীৰক আনিলা মোকোলাই॥৩৩২
ঘোটক সহিতে আনি ভেট কৰি দিলা।
দেখি গঙ্গা-সুতে তাক আশ্বাস কৰিলা॥
কালভদ্ৰ বীৰক কৰিলা বহুমান।
দুঃশাসন সমে গৈলা সৈন্যৰ যে থান॥


ৰজাসকলৰ চেতন লাভ আৰু দুৰ্য্যোধনৰ অনুসন্ধান।

ঋষিয়ে বোলন্ত কথা শুনা সাৱধানে।
ভীষ্মৰ কথাক মই থৈলো এহিমানে॥
পাছে ৰাজাগণে যেন কৰিলেক কায।
সম্প্ৰতিক কহো তাক শুনা মহাৰাজ॥৩৩৪
যি বেলাত গঙ্গা-সুত গৈলা অভ্যন্তৰে।
সেহি বেলা চেতন লভিলা নিৰন্তৰে॥
লভিয়া চেতন সবে বসিলা মাটিত।
দুৰ্য্যোধন নৃপতিক নেদেখিলা তৈত॥৩৩৫