পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
কূৰ্ম্মৱলী-যুদ্ধ৷

নেদেখিলা মহাবীৰ গঙ্গাৰ কুমাৰ।
দেখি সবে লোকৰ মিলিলা হাহাকাৰ॥
সেহি বেলা গুৰু দ্ৰোণে বুলিলা বচন।
আমাৰ বচন শুনিয়োক বীৰগণ॥৩৩৬
ত্ৰিভুবন-বিজয়ী ভীষ্মক মহাৰায়।
সমৰত তাহাঙ্ক জিনন্তা কেহ নাই॥
এক দেৱ নাৰায়ণ জগত ঈশ্বৰ।
তেওঁ বিনে তাহাক জিনন্তা নাহি আৰ॥৩৩৭
আকে জানি সেনাগণ কৰিয়োক স্থিৰ।
ৰাধেয়ক আদি কৰি যত মহাবীৰ॥
হেন জানি সৈন্যগণ কৰিয়োক ঠাই।
সপকাৰে নগৰত ৰহিযোক যাই॥৩৩৮
সেহি বেলা দুঃশাসন গঙ্গা-সুত বীৰ।
ৰথে চড়ি তথাক গৈলন্ত ধীৰে ধীৰ॥
হেন দেখি কটকৰ আনন্দ মিলিলা।
ৰাজাগণ আসি গাঙ্গেয়ক আৱৰিলা॥৩৩১
পুছিলন্ত দুৰ্য্যোধন গৈলা কোন থান।
হেন শুনি গঙ্গা সুতে দিলা সমিধান॥