পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
কূৰ্ম্মৱলী-যুদ্ধ৷

নৃপতিৰ পুত্ৰক আপুনি পুৰন্দৰে।
অভিষেক কৰাইলেক সমস্তে লোকৰে॥
দেৱাঙ্গ ভূষণ বস্ত্ৰ দিলা দেৱৰাজ।
কৰিলেক আশীৰ্ব্বাদ ত্ৰিদশ সমাজ॥৩২৮
বাসৱে বোলয় তোক মই দেওঁ বৰ।
বিঘিনি নহৌক সুখে ৰাজ্য ভোগকৰ॥
চন্দ্ৰাদিত্যে বোলে ঘোৰ খণ্ডোক আপদ।
পিতৃৰ অধিক তোৰ মিলোক সম্পদ॥৩২৯
আনো দেৱমানে ভিন্নে ভিন্নে দিলা বৰ।
দেৱ-বাদ্য তথাত বাজিলা বহুতৰ॥
অসংখ্যাত বাদ্য বাজাইলা নানা ভাৱে।
বিদ্যাধৰে নাচয় গন্ধৰ্ব্বে গুণ গাৱে॥৩৩০
দুন্দুভি মৃদঙ্গ ভেৰী শঙ্খ কৰতাল।
খমুচি দোতোৰা ঢাক বাজাৱে কাহাল॥
এহিমতে দেৱৰাজ ত্ৰিদশ সহিতে।
দণ্ড চাৰি মান ৰঙ্গে আছিলা তহিতে॥৩৩১
তাত পাছে গাঙ্গেয়ক বচনে সাদৰি।
আপোন স্থানক গৈলা পুষ্পবৃষ্টি কৰি॥