পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
কূৰ্ম্মৱলী-যুদ্ধ৷

কূৰ্ম্মৱলীৰ পুত্ৰৰ ৰাজ-অভিষেক।

পদ।

বৈশম্পায়ন বদতি শুনিয়ো মহাৰাজ।
পাছে গঙ্গা-সুতে যেন কৰিলেক কায॥
যেবে কালভদ্ৰে কৰ্ম্ম সসাঙ্গ কৰিলা।
সেহিবেলা ৰাজাৰ পুত্ৰক আনি দিলা॥৩২৪
পঞ্চ বৎসৰৰ শিশু পৰম সুন্দৰ।
দেখিয়া আহ্লাদ মন ভৈলা গাঙ্গেয়ৰ॥
দিব্য স্বৰ্ণ সিংহাসনে তুলিলেক ধৰি।
উপৰত ছত্ৰ খান দিলা যত্ন কৰি॥৩২৫
নৃপতিৰ ব্যৱহাৰ আছিলেক যত।
ভাগে ভাগে গঙ্গা-সুত কহিলা সমস্ত॥
শিখাইলেক ৰাজ-নীতি যতেক আচাৰ।
জয় হৰিধ্বনি কৰিলেক ভয়ঙ্কৰ॥৩২৬
সেহিবেলা দেৱৰাজ ত্ৰিদশ সহিতে।
মহাৰঙ্গে আসি সবে মিলিলা তহিতে॥
আন দেৱ সৱ আসি ভৈলা বিদ্যমান।
আকাশ পথত সবে ৰাখিলা বিমান॥৩২৭