পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
কূৰ্ম্মৱলী-যুদ্ধ৷

শুনা সভাসদ ভাৰতৰ পদ
 সবে এক মন কৰি।
মহা মুঢ়মতি নজানো সম্প্ৰতি
 বোলয় সাগৰ খৰি॥৩২১
কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত
 তিনিয়ো ভুবনে সাৰ।
ই জন্মত ভোগ মুকুতি ভুঞ্জয়
 পুৰুষ কৰে উদ্ধাৰ॥
হেন জানি সবে আলাস ত্যজিয়া
 শুনিয়োক কৃষ্ণ কথা।
ঈশ্বৰ প্ৰভুক দৃঢ় কৰি ধৰা
 নকৰা জনম বৃথা॥৩২২
কৃষ্ণ ৰূপক মনে ধৰিয়োক
 ছাৰা ভাষ ভূষ কাম।
তেবেসে সংসাৰ তৰিবাহা সুখে
 মুখে বোলা ৰাম ৰাম॥৩২৩

——