পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰ্ম্মাৱলী-যুদ্ধ।

আন বীৰগণ শুনা আলচ আমাৰ।
যজ্ঞ কৰিবাক প্ৰতি মিলায়ো সম্ভাৰ॥১৬
পঞ্চবৰ্ণ ঘোটক মিলায়ো যত্ন কৰি।
কৰিয়ো সুবেশ মোৰ সমস্ত নগৰী॥
চৌপথ পদূলি সাজি সিঞ্চায়োক ফুল।
থানে থানে কন্যাগণে কৰোক মঙ্গল॥১৭
ৰাজাগণ বহিবাক সাজায়োক ঘৰ।
ভোজনৰ দ্ৰব্য মানে আনিয়ো সত্বৰ॥
বস্ত্ৰ অলঙ্কাৰ আদি আনা বহুধন।
দশ দিশে চলোক আমাৰ দূতগণ॥১৮
ধনৰ ভাণ্ডাৰ ভাঙ্গি পাণ্ডৱ ৰাজাৰ।
শকটে শকটে ভৰি আনিয়ো বিস্তৰ॥
হেন শুনি সবাৰ হৰিষ ভৈলা মন।
ইন্দ্ৰ প্ৰস্থ নগৰক চলিয়োক কৰ্ণ॥১৯
লগতে চলোক দুঃশাসন বীৰবৰ।
সৰ্ব্ব কাৰ্য্য ৰীতিমত কৰোক সত্বৰ॥

যজ্ঞস্থলী নিৰ্মাণ।

শাৰী শাৰী গৃহসব সাজালা প্ৰৱন্ধে।
চৌপথে পদূলি সব সাজে নানা ৰঙ্গে॥২০