পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰ্ম্মাৱলী-যুদ্ধ।৩

ওচৰ চাপিয়া দুৰ্য্যোধন মহামানী।
চৰণে প্ৰণামি ধীৰে ধীৰে বোলে বাণী॥
শুনিয়োক পিতৃদেৱ গোচৰ আমাৰ।
যজ্ঞ কবিবাক মন ভৈলেক সবাৰ॥১২
শকুনি সুসেন কৰ্ণ ভাই দুঃশাসন।
ই কাৰ্য্যক লাগি তাসম্বাৰ বৰ মন॥
হেন শুনি ধৃতৰাষ্ট্ৰ ৰাজা নৰেশ্বৰ।
দুৰ্য্যোধন তনয়ক দিলেক উত্তৰ॥১৩
আমাৰ বচন শুনা গান্ধাৰী নন্দন।
ইটো কথা শুনন্তে হৰিষ কৰে মন॥
পুছিবাক নালাগে মোহোত ইটো কথা।
কৰিয়োক যজ্ঞ তুমি নাহিকে অন্যথা॥১৪
শুনি ৰঙ্গ ভৈলা দুৰ্য্যোধন মহাবলী।
বাপক নমিয়া ৰাজা শীঘ্ৰে গৈলা চলি॥
কতবেলি অন্তৰে পাইলেক মেলঘৰ।
ৰঙ্গে যাই সভাত বসিলা নৰেশ্বৰ॥১৫
হাসি দুৰ্য্যোধন ৰাজা বুলিলা বচন।
মন দিয়া শুনিবাহা ৰাধা সুত কৰ্ণ॥