পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
কুৰ্ম্মৱলী-যুদ্ধ৷

প্ৰতিপাল কৰি তুলিবে নাপালো
 দৈবে বঞ্চিলেক মোক॥৩০৬
এহি বুলি দেৱী  পুত্ৰক ধৰিয়া
 বুকত কৰি সাৱটি।
কতো বেলি মানে  কৰিলা ক্ৰন্দন
 অতি দীৰ্ঘৰাৱে সতী॥
মহা স্নেহে দেবী  কৰন্ত ক্ৰন্দন
 শৰীৰত জ্ঞান নাই।
পুত্ৰ সমন্বিতে  ভূমিত পৰিয়া
 মহাশোকে মুৰ্চ্ছা যাই॥৩০৭

মহাৰাণীৰ আদেশ।

সেহি সময়ত  গঙ্গা-সুত সমে
 কালভদ্ৰ মহাৰায়।
অতি দীৰ্ঘৰাৱে  অন্তেষ পুৰত
 প্ৰবেশ ভৈলেক যাই॥