পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
কুৰ্ম্মৱলী-যুদ্ধ৷

হৰি হৰি বাপ  প্ৰাণৰ পুতাই
 কিমতে দুখ বঞ্চিবি।
তোৰ সম দুখ  ত্ৰিভুবনে নাই
 যিমত দুখ লভিবি৷৩০৪
ধূলা জাৰি তোক  কোনে তুলি লৈবে
 কাহাত কৰিবি ৰোষ।
হাতে তুলি তোক  কোনে খুৱাইবে
 কৰিবে কোনে সন্তোষ॥
কাহাৰ লগত  সিংহাসনে যাই
 শয়ন কৰিবি ৰঙ্গে।
পৰম কৌতুকে  হিয়াত চৰিয়া
 থাকিবি কাহাৰ সঙ্গে॥ ৩০৫
কাহাৰ লগত  কৰিবি ভোজন
 বসিয়া ৰত্ন আসনে।
আৱে পঞ্চামৃতে  কৰাবে ভোজন
 কোনে তৌক ৰঙ্গ মনে॥
সুখ দুখ বাপ একো নজানস
 কোনে চাহিবেক তোক।