পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
কূৰ্ম্মৱলী-যুদ্ধ৷

দেখে নাগৰিক  কৰন্ত ৰোদন
 মহা আৰ্ত্তৰাৱ কৰি।
ৰাজ-পটেশ্বৰী  পৰিয়া আছয়
 কুমাৰৰ গলে ধৰি॥৩০৮
দেখি দুয়ো জনে  মধুৰ বচনে
 বুলিলা সবাক চাই।
কিসক সন্তাপ  কৰা মহাতাপ
 ৰাজ-পটেশ্বৰী আই॥
যাৰ কপালত  লিখিয়া আছয়
 বিধাতায়ে কাপ ধৰি।
সেই সুখ দুখ  আপুনি মিলয়
 এৰাবাহা কেন কৰি॥৩০৯
আনা নানা মত  বুলিলা প্ৰবোধ
 সেনাপতি দুই বীৰ।
চেতন লভিয়া  ৰাণী মহোদয়া
 মাতিলন্ত ধীৰে ধীৰ॥
শুনা কালভদ্ৰ  আমাৰ বচন
 যি ভৈলা আমাৰ গতি।