পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰ্ম্মৱলী-যুদ্ধ৷

ক্ষণে ক্ষণে উঠি  পৰয় মাটিত
 সাক্ষাত যেন বাউল॥
সেৱকিনী যত  আছয় লগত
 তাসম্বাৰ শোকানল।
আৰ্ত্তৰাৱে সবে  কৰন্ত ক্ৰন্দন
 সবাৰে মন বিকল॥ ৩০২
ভূমিত পৰিয়া  কৰয় ক্ৰন্দন
 মোক্ষৰাজ পটেশ্বৰী৷
কতো সেৱকিনী  কৰন্ত ৰোদন
 আঙ্কোৱালি তুলি-ধৰি॥
সেহি সময়ত  আপোন পুত্ৰক
 দেখিলন্ত দেবী পাছে।
ভূমিত পৰিয়া  বাগৰি কান্দিয়া
 শোকানলে পৰি আছে॥ ৩০৩
পঞ্চ বৎসৰৰ  পৰম সুন্দৰ
 উপমাৰ নাহি ঠাই।
আৰ্ত্তৰাৱে দেবী  কান্দিবে লাগিলা
 পুত্ৰৰ মুখক চাই॥