পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
কুৰ্ম্মৱলী-যুদ্ধ।

এহি বুলি বীৰ কালভদ্ৰ সমে
 নগৰক চলি গৈলা।
নিগদতি ঋষি শুনিয়ো হৰিষি
 পাছে যেন কথা ভৈলা৷ ২৯৩

মহাৰাণী সত্যৱতীৰ বিলাপ।

নাৰীগণ যত অন্তেসে পুৰত
 শুনিলা ৰাজাৰ হত।
আৰ্ত্তৰাৱ কৰি কান্দিবে লাগিলা
 নৃপতিৰ নাৰী যত॥
সত্যৱতী নামে পৰমা সুন্দৰী
 নৃপতিৰ পটেশ্বৰী।
দীৰ্ঘৰাৱে দেবী কান্দিবে লাগিলা
 ৰাজাৰ গুণ সুমৰি॥২৯৪
হৰি হৰি প্ৰভু প্ৰাণৰ ঈশ্বৰ
 বল্পত হৃদয়-স্বামী।
পৰম নিকাৰ বিধৱাৰ ভাৰ
 কিমতে সহিবো আমি॥