পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
কূৰ্ম্মৱলী-যুদ্ধ।

জানু শিৰে পাছে   ভীষ্মৰ চৰণে
  কৰিলা যাই সেৱলি॥
দেখি গঙ্গা-সুত   তুলিয়া ধৰিলা
 সাদৰ কৰি বিস্তাৰ।
দুইকো দুই কিছো   ভৈলা সন্ধুক্ষণ
  কহিলন্ত পূৰ্ব্বাপৰ॥২৯১
পাছে গঙ্গা-সুতে   বুলিলা বচন
  শুনিয়োক মহাবীৰ।
জল-পিণ্ডদাতা   আপোন সন্ততি
  আছে কিবা নৃপতিৰ॥
শুনি কালভদ্ৰে   দিলা সমিধান
  শুনিয়ো সুত গঙ্গাৰ।
পঞ্চ বৎসৰৰ   পৰম সুন্দৰ
  আছয় পুত্ৰ ৰাজাৰ॥২৯২
শুনি গাঙ্গেয়ৰ   ৰঙ্গ ভৈলা বৰ
 হৰিষ মিলিল অতি।
ইটো নগৰৰ   দিয়া ছত্ৰ দণ্ড
  আকে থৈবো ৰাজা পাতি॥