পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
কুৰ্ম্মৱলী-যুদ্ধ।

তুমি অবিহনে নৰহে জীৱন
 শোক অগ্নি গৈলা জ্বলি।
এহি বুলি দেবী তমোময় দেখি
 ভূমিত পৰিলা ঢলি॥২৯৫
হৰিল চেতন বাতুল লক্ষণ
 কিছো শ্ৰুতি বুদ্ধি নাই৷
কতো বেলি মানে উঠিয়া বসিলা
 গাৱত শ্ৰুতিক পাই॥
বত্ৰিশ হাজাৰ অলঙ্কাৰ ৰত্ন
 আছিল তান গাৱত৷
খণ্ড খণ্ড কৰি পেলাইলা খসাই
 সুবৰ্ণ ৰত্ন সমস্ত॥২৯৬
দেৱাঙ্গ ভূষণ কৰি পৰিহাৰ
 শৰীৰ উদাস কৰি৷
মহা শোকে দেবী কৰন্ত ক্ৰন্দন
 গোপ্য আলাপক স্মৰি॥
হৰি হৰি বিধি কি কৰ্ম্ম কৰিলি
 কপালে লেখিলি কিক৷