পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰ্ম্মাৱলী-যুদ্ধ।৩



দুৰ্য্যোধন শকুনি সুশেন দুঃশাসন।
কৰ্ণ সমে বসি তাত কৰে আলোচন॥৭
শকুনি বোলন্ত আবে আদেশ নৃপতি।
সুধা যেবে কহো মই উত্তৰ যুগুতি॥
যজ্ঞ কৰিলন্ত যুধিষ্ঠিৰ নৃপবৰ।
ৰহিল খিয়াতি তেবে চন্দ্ৰ দিবাকৰ॥৮
শতাধিক যজ্ঞ আবে কৰিয়ো আমাৰ।
ৰহিবেক যশ আশে পুৰুষ উদ্ধাৰ॥
হেন শুনি কৰ্ণে মাতিলন্ত শকুনিক।
বুলিলা উত্তম কথা ভাল উপাধিক॥৯
দুঃশাসনে বোলে দাদা শুনা দুৰ্য্যোধন।
যজ্ঞ কৰিবাক আমাসাৰ বৰ মন॥
হেন শুনি দুৰ্য্যোধন ৰাজা মহামানী।
সবাকো সম্বোধি হেন বুলিলন্ত বাণী।১০
সবে ই থানত বসি থাকাহা সম্প্ৰতি।
পিতৃত পুছিয়া আসোঁ ইহাৰ যুগুতি॥
এহি বুলি ৰাজা অভ্যন্তৰে গৈলা চলি।
যি থানত আছে ধৃতৰাষ্ট্ৰ মহাবলী॥১১