পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
কূৰ্ম্মৱলী-যুদ্ধ

দেখি গঙ্গা-সুত   সবাক এৰিয়া
  গৈলা কালভদ্ৰ আছে।
দেখে নাগপাশে   বন্দী হুয়া বীৰ
  ভিণ্ডাকাৰে পৰি আছে॥
পাছে গঙ্গা-সুত   গুণয় মনত
  হেটমুণ্ডে দোৱাই মাথ।
ইটো নগৰৰ   নাহি নৃপবৰ
  সসৈন্যে ভৈলা অনাথ॥২৮৯
প্ৰজাৰ শাপত   মই হৈবো হত
  কৰো এবে কোন কাজ।
যদি নৃপতিৰ   পুত্ৰেক আহুয়
  তাকে পাতো যুৱৰাজ॥
এহি মনে গুণি   গঙ্গাৰ কুমাৰ
  চাপিলা গৈয়া ওচৰ।
দুই হাতে ধৰি   নাগ পাশ বান্ধ
  মেলিলন্ত নিৰন্তৰ॥১৯৭
সন্ধুক্ষণ হৈয়া   উঠিলা বসিয়া
  কালভদ্ৰ মহাৱলী।