পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
কূৰ্ম্মৱলী-যুদ্ধ।

কৃষ্ণৰ ভকতি যিটো মনে কৰে সাৰ।
অপ্ৰয়াসে কৰ্ম্ম-জৰী নষ্ট হৱে তাৰ॥২৮৬
কলিৰ যুগত ধৰ্ম্ম জানিবা নিশ্চয়।
মহা পুৰুষাৰ্থ আতপৰে কিছো নাই॥
হেন জানি যতনে এৰিয়ো আন কাম।
জনম সাম্ফল হৌক বোলা ৰাম ৰাম॥২৮৭

 
কালভদ্ৰৰ বন্ধন মোচন।
দুলৰী।

ঋষি নিগদতি   শুনা মহামতি
  যেন কথা অদভুত।
যেবে নৰেশ্বৰ   গৈলা ঘম ঘৰ
 দেখিলা গঙ্গাৰ সুত॥
আথে বেথে বীৰ   নামিলা ৰথৰ
 দেখিলেক ৰণস্থলী।
অচেতন সবে   পৰিয়া আছয়
 যত ৰাজা মহাবলী॥২৮৮