পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
কূৰ্ম্মৱলী-যুদ্ধ

ঈশ্বৰৰ জয় ইটো ঘোষয় সৰ্ব্বথা।
মোক্ষক সাধিবে বসি আন কোন কথা॥
বোলয় সাগৰ কবি শুনা সভাসদ।
মূৰ্খ হুয়া বিৰচিবো ভাৰতৰ পদ॥২৮২
কলিৰ যুগত জানা নামেসে প্ৰধান।
সত্য কৰি কহো নাম বিনে নাহি আন॥
ঈশ্বৰৰ নামে সৰ্ব্ব পাপ সংহাৰন্ত।
কুমুদ পুৰাণে কহিয়াছে ভগৱন্ত॥২৮৩
ধৰ্ম্মেসে পৰম বস্তু জানিবা নিশ্চয়।
ধৰ্ম্মত থাকিলে নিষ্ঠে যমে নাহি ভয়॥
তপ, জপ, তীৰ্থ, যাগ, ব্ৰত আদি দান।
নহয় ইসব হৰি কথাৰ সমান॥২৮৪
আকে জানি ইটো জন্ম নকৰিয়ো বৃথা।
আলাস তেজিয়া শুনিয়োক কৃষ্ণ কথা॥
পুত্ৰ ভাৰ্য্যা বিষয় জানিবা মায়া জৰী।
প্ৰৱন্ধে ঈশ্বৰে বান্ধিয়াছে যত্ন কৰি॥২৮৫
সিটো বান্ধ ছাড়ান নহয় একোমতে।
নকৰে ভকতি যেবে কৃষ্ণ চৰণতে॥