পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
কূৰ্ম্মৱলী-যুদ্ধ

আপোনাৰ শৰীৰ নেদেখে প্ৰজাচয়।
হাহাঁকাৰ শৱদ উঠিলা অতিশয়॥২৫৫
হেন দেখি মহাক্ৰোধে গঙ্গাৰ কুমাৰ।
আদিত্যৰ শৰপাত কৰিলা প্ৰহাৰ॥
জ্যোতিৰ্ম্ময় আদিত্যৰ শৰ আসবিষ।
অন্ধকাৰ ফেৰি সুপ্ৰসন্ন দশোদিশ॥২৫৬
তমোময় শৰ যেবে বৃথা হুয়া গৈলা।
দেখি নৃপতিৰ মনে মহা ভয় ভৈলা॥
ক্ৰোধত বিবৰ্ণ মুখ দেখিতে ভীষণ।
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা বায়ুবাণ॥২৫৭
বতাস বহয় অতিশয় ভয়ঙ্কৰ।
খৰ বায়ু বহে খোলা উড়াই খাপৰ॥
অসংখ্যাত বৃক্ষসব উভৰি পৰয়।
প্ৰচণ্ড বতাসে মেৰু মন্দৰ কম্পয়॥২৫৮
পৰ্ব্বতৰ শৃঙ্গ যেন উৰাই নিৰন্তৰ।
সম্মুখৰ বায়ু বহে বিষম সমৰ॥
হেন দেখি গঙ্গা-সুত মুনিৰ্ষ নায়ক।
মন্ত্ৰ পঢ়ি প্ৰহাৰিলা পৰ্ব্বত সায়ক॥২৫৯