পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
কূৰ্ম্মৱলী-যুদ্ধ।



হেন দেখি গঙ্গা-সুত মুনিষ দুৰ্ব্বাৰ।
নাৰায়ণ অস্ত্ৰপাত কৰিলা প্ৰহাৰ॥
চলিলেক শৰ দশোদিশে সুপ্ৰসন্ন।
দানৱৰ শৰমানে কৰিলেক চূৰ্ণ॥২৫১
দেখি নৃপতিৰ কোপ জ্বলিলা অপাৰ।
পিশাচৰ শৰপাত কৰিলা প্ৰহাৰ॥
ঘোৰ মায়াৱন্ত সিটো শৰ বিপৰীত।
চতুৰ্দ্দিশে অন্ধকাৰ ঘোৰ ভয় ভীত॥২৫২
দুৰ্ঘোৰ আস্ফাল নাদ শুনি দশোদিশে।
আশকাত থাকি সবে পৰ্ব্বত বৰিষে॥
হেন দেখি গঙ্গা-সুত মনে ভয় ভৈলা।
নৰসিংহ অস্ত্ৰপাত হাতে তুলি লৈলা॥২৫৩
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা অতিশয়।
পিশাচৰ শৰক নিলেক উৰুৱায়॥
পৰম কোপত কূৰ্ম্মৱলী নিৰন্তৰ।
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা তমোশৰ॥২৫৪
নেদেখয় নুশুনয় কুহৰি সদৃশ।
মহাবেগে চলে অন্ধকাৰ দশোদিশ॥