পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
কূৰ্ম্মৱলী-যুদ্ধ।

বতাসক নিবাৰিলা পৰ্ব্বত দুৰ্জ্জয়।
প্ৰভাহীন হৈলা দুয়ো অস্ত্ৰ গৈলা ক্ষয়॥
দেখি মহাক্ৰোধ ভৈলা ৰাজা কূৰ্ম্মৱলী।
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা নিদ্ৰাৱলী॥২৬০
মহাবীৰ গঙ্গা-সুত নাহি ভয় ভীত।
আথে বাথে প্ৰহাৰিলা সায়ক জাগৃত॥
দুইৰো শৰ আকাশত ভৈলা একস্থান।
হুলস্থুল কৰি তৈতে ভৈলন্ত নিৰ্য্যাণ॥২৬১
দেখি মহাক্ৰোধ কূৰ্ম্মৱলী নৰেশ্বৰ।
মন্ত্ৰ পঢ়ি জ্বৰৰাণ হানিলা সত্বৰ॥
শৰ মধ্যে মূৰ্ত্তিমন্ত সায়ক প্ৰধান।
মূৰ্ত্তি ধৰি চলিলা শিবৰ জ্বৰবাণ॥২৬২
হেন দেখি গঙ্গা-সুতে হানে ধনুধৰি।
বিষ্ণুৰ জ্বৰক হানিলেক শীঘ্ৰ কৰি॥
শিৱৰ জ্বৰক বিষ্ণুজ্বৰে লাগ পাই।
দূৰতে বিদূৰ কৰি খেদিলা দুনাই॥২৬৩
হেন দেখি কূৰ্ম্মৱলী নৃপতি প্ৰধান।
মন্ত্ৰ পঢ়ি প্ৰহাৰিলা কুবেৰৰ বাণ॥