পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
কুৰ্ম্মৱলী।

মহাবেগে শৰপাত খেদি লাগ পাই।
বাসৱৰ শৰক নিলেক উৰুৱাই॥২৪৬
সেহিবেলা নৃপতিৰ পৰিল মনত।
ভুজঙ্গৰ শৰপাত জুৰিলা গুণত॥
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা মহাবীৰ।
সৰ্প নিকলয় তাৰ পঞ্চ পঞ্চ শিৰ॥২৪৭
আকশ ছানিয়া চলে সৰ্প আসৰিষ।
লহ লহ কৰে জিহ্বা নাকে পৰে বিষ॥
তাক দেখি গঙ্গা-সুত ৰঙ্গ মন ভৈলা।
ৰৈৱতৰ অস্ত্ৰ পাত গুণত জুৰিলা॥২৪৮
জাপ্য কবি মহাবীৰে প্ৰহাৰ কৰিলা।
অসীম সুবৰ্ণৰ গৰুড় পক্ষী ভৈলা।
মহাবেগে ধৰি সবে চলে আকাশত।
খেদি খেদি খাইলা ভুজঙ্গৰ অস্ত্ৰ যত॥২৪৯
হেন দেখি ক্ৰোধে জ্বলি গৈলা নৰেশ্বৰ।
মন্ত্ৰ পঢ়ি বৰষিলা দানৱৰ শৰ॥
বাঘ ঘোঙ্গ সিংহ ধনুহন্তে নিকলয়।
দেখি কৌৰৱৰ মনে মিলিল সংশয়॥২৫০