পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
কুৰ্ম্মাৱলী-যুদ্ধ।



গৰু চাৰিলাহা প্ৰভু গোপ-শিশু সঙ্গে।
অসংখ্যাত অসুৰ বধিলা তাত ৰঙ্গে॥৩
মথুৰাক যাই পাছে প্ৰভু দেৱ হৰি।
ধোবাৰ ছিঙ্গিলা মাথা মহাক্ৰোধ কৰি॥
কুৱলয় কংসৰ সধিলা নিজ কাজ।
বৃদ্ধ উগ্ৰসেনক পাতিলা মহাৰাজ॥৪
পাছে পিতৃগৃহে প্ৰবেশিলা দেৱ হৰি।
কৌৰৱৰ মাজত পশিলা ৰঙ্গ কাৰি॥
পাশা খেলাই পাণ্ডৱক বনত পঠাই।
সামাজিক ৰূপে প্ৰভু ৰঙ্গে আছা চাই॥৫
মনত হৰিষে সবে শুনা সভাসদ।
কালভদ্ৰ পৰাজয় কুৰ্ম্মৱলী বধ॥
কহয়ে সাগৰ কবি কৃষ্ণ পাৱে ধৰি।
পদবন্ধে কবিতা কৰিলো যত্ন কৰি॥ ৬

দুৰ্য্যোধনৰ অশ্বমেধ যজ্ঞৰ আয়োজন।

যেবে পঞ্চ পাণ্ডৱ বনক চলি গৈলা।
দেখি কৌৰৱৰ মনে মহাৰঙ্গ ভৈলা॥