পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
কূৰ্ম্মৱলী-যুদ্ধ।

এহি বুলি কূৰ্ম্মৱলী হৰিষ মনত।
অগনিৰ শৰপাত জুৰিলা গুণত॥
মন্ত্ৰ পঢ়ি গুণত জুৰিলা নৃপবৰ।
চৌদিশে আৱৰি চলে অগ্নি ভয়ঙ্কৰ॥২৪২
হেন দেখি গঙ্গা-সুত মুনিষ প্ৰধান।
জুৰিলা মনত ৰঙ্গে বৰুণৰ বাণ।
মন্ত্ৰ পঢ়ি শৰপাত প্ৰহাৰ কৰিলা।
দশোদিশ ঢাকিয়া যে শিলা বৰষিলা॥২৪৩
নুমাইল অগনি দশোদিশ সুপ্ৰসন্ন।
কিঞ্চিৎ হৰিষ মন ভৈলা প্ৰজাগণ॥
দেখি ক্ৰোধ ভৈলা কূৰ্ম্মৱলী নৰেশ্বৰ।
শীঘ্ৰ বেগে বৰষিসা শৰ বাসৱৰ॥২৪৪
প্ৰলয়ৰ মেঘ যেন দেখি লাগে ডৰ।
পৃথিবী আকাশ ছানি ভৈলা অন্ধকাৰ॥
বৰিষণ ঘনে ঘনে গৰ্জ্জয় অপাৰ।
জলস্থল সহিতে পৃথিবী একাকাৰ॥২৪৫
হেনশুনি গঙ্গা-সুতে দিব্য মন্ত্ৰ জপি।
হানিলা মৰুত বাণ ধনুত আৰোপি॥