পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
কুৰ্ম্মাৱলী-যুদ্ধ।



নিচিনি আপোন পৰ অন্ধকাৰময়।
ধৰণী মণ্ডলে দুই মানুষ দুৰ্জ্জয়॥২৩৭
মহাৰাজ কূৰ্ম্মৱলী নৃপতিৰ শৰে।
কৌৰৱৰ সেনাসব জাকে জাকে মৰে॥
কূৰ্ম্মঠেৰ সেনা মৰে ভীষ্মৰ হাতত।
অসংখ্যাত সেনা নিৰন্তৰে হৱে হত॥২৩৮
সেহিবেলা কূৰ্ম্মৱলী ভীষ্মত বদতি।
আমাৰ বচন শুনিয়োক মহামতি॥
হাসিবেক দেখি দেৱে নিকৃষ্ট সমৰ।
অকাৰণে মৰে সবে সেনা নিৰন্তৰ॥২৩৯
নুহিবা তোমাক মাৰো নুহিবা আমাক।
সন্মুখ সমৰে পৰি যাওঁ স্বৰ্গলোক॥
আকে জানি সমৰত হুৱা সাৱধান।
মন্ত্ৰবলে প্ৰহাৰিয়ো দেৱদত্ত বাণ॥২৪০
শুনি আছো তোমাৰ বীৰত্ব যত যত।
মহা ধনুৰ্দ্ধৰ অকম্পন সমৰত॥
দেৱতাৰ অস্ত্ৰমানে জানিছা বিস্তৰ।
শিখি আছা মূৰ্ত্তিমন্ত অসংখ্যাত শৰ॥২৪১