পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
কুৰ্ম্মৱলী-যুদ্ধ


শুনিয়ো সাৰথি মোৰ শীঘ্ৰ ডাক ৰথ।
দুৰ্য্যোধন ৰাজাক বধিবো নিষ্ঠ কথা॥২১৫
কালভদ্ৰ বীৰৰ বলৰ নাই সন্ধি।
অন্যায় সমৰে তাক কৰিলেক বন্দী॥
তাক লাগি ধৰ্ম্মৰ যুজত কোন ফল।
শীঘ্ৰে ডাকিয়োক মোৰ ঘোটক প্ৰৱল॥২১৬
হেন শুনি সাৰথি ডাকিলা ৰথখান।
চাহন নাযায় যেন আদিত্য সমান॥
খেদি যাই দুৰ্য্যোধন নৃপতিক পাই।
হানিলা নাৰাচগণ দুনাই দুনাই॥২১৭
শৰীৰৰ বলে প্ৰহাৰিলা মহাবলী।
হৃদয়ত পৰি তল গৈলা হলাহলি॥
বিমূৰ্চ্ছিত দুৰ্য্যোধন উদিশ নাপাৱে।
বিস্ময়ে বহিলা ৰাজা বিকল স্বভাবে॥২১৮
নৃপতিৰ অৱস্থা দেখিয়া বিদ্যমান।
শীঘ্ৰে আনি সাৰথি যোগালা ৰথখান॥
আথে বেথে দুৰ্য্যোধন ৰথত চড়িলা।
অলক্ষিত ধনুধৰি শৰ বৰষিলা॥২১৯