পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
কুৰ্ম্মাৱলী-যুদ্ধ।

অথাকে বৰিষে দুৰ্য্যোধন নৃপবৰ।
আকাশে চান্দিয়া চলে অসংখ্যাত শৰ॥
দেখি কূৰ্ম্মৱলী ৰাজা শীঘ্ৰে চলি গৈলা।
তূণৰ শতেক বাণ বাছি বাছি লৈলা॥২২০
অন্যায় কৰিয়া শৰ প্ৰহাৰিলা যত।
কাটি কৰিলেক চুৰ্ণ শৰ আকাশত॥
শৰ কাটি কূৰ্ম্মৱলী গুণয় মনত।
ঘোৰতৰ শৰপাত জুৰিলা গুণত॥২২১
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা মহাৱলী।
সূৰ্য্যৰ কিৰণ নিবাৰিয়া যায় চলি॥
মহাবেগে শৰপাত খেদি লাগ পাই॥
ৰথ সবে ৰাজাক নিলেক উৰুৱাই॥২২২
অসংখ্যাত পাক ফুৰাইলে আকাশত।
পাছে পেলাইলেক নিয়া হস্তিনাপুৰত॥
পৃথিবীত আফালি পেলাইলা টান কৰি।
বসুন্ধৰা লৰিলেক গিৰ গিৰ কৰি॥২২৩
বিমূৰ্চ্ছিত দুৰ্য্যোধন শ্ৰুতি বুদ্ধি নাই।
উফন্দিলা পেট গোট বায়ু বন্ধ যাই॥