পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
কুৰ্ম্মাৱলী-যুদ্ধ।

কালভদ্ৰৰ বন্ধন।

হেন দেখি দুৰ্য্যোধনে গুণয় মনত।
আক সম বীৰ দেখো নাই সংসাৰত॥
পুনৰপি উঠি যদি কৰে ঘোৰ ৰণ।
নিশ্চয় জানিলোঁ আক সম নহে কৰ্ণ॥২১২
এহি বুলি দুৰ্য্যোধন ৰাজা মহাবলী।
খেদি যাই তাহাক ধৰিলা আঙ্কোৱালি।
ডেৱ দিয়া উপৰত বেগে তুলি ধৰি।
আপোনাৰ সৈন্যমধ্যে গৈলা ৰঙ্গ কৰি॥২১৩
পিঠিত কিলৰ জাক দিলা মহাবলে।
নাগপাশে বান্ধিয়া থৈলেক হাতে গলে॥

কূৰ্ম্মৱলী-দুৰ্য্যোধনৰ ৰণ আৰু দুৰ্য্যোধনৰ পৰাভৱ।

দেখি মনে গুণে কূৰ্ম্মৱলী নৰেশ্বৰ।
কৰিলেক দুৰ্য্যোধনে অন্যায় সমৰ॥২১৪
হৰি হৰি ভৈলা কিনো প্ৰভাৱ কালৰ।
হেন দেখি সাৰথিক দিলেক উত্তৰ॥